পৃষ্ঠা:জ্যোতি.pdf/৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

পাতনি।

 সৰুতে যেতিয়া গাৱঁলীয়া নিম্ন প্ৰাইমেৰী স্কুলত পঢ়িছিলো তেতিয়া আসামৰ ধৰণী স্বৰূপ — ৺ হেমচন্দ্ৰ বৰুৱা, ৺আনন্দৰাম বৰুৱা আৰু ৺লম্বোদৰ বৰা আদি আদৰ্শ পুৰুষসকলৰ জীৱনী পঢ়ি আৰু তেওঁ- লোকৰ কিতাপ পঢ়ি মনতে ভাবিছিলো—“আমিও চাগৈ কেতিয়াবা তেওঁলোকৰ শ শ ভাগৰ এভাগ মান জ্ঞান লাভ কৰি কিতাপ লিখিব পাৰিমনে”, — মোৰ এই ভাব বয়সৰ লগে লগে বেছিকৈ ডাঙ্গৰ হবলৈ ধৰিলে। আৰু বৰ্ত্তমান জ্যোতিত এই ভাব ফুটি ওলাল। কিন্তু পাঠক আৰু পাঠিকাসকলে এইবুলি ভাবিলে ভুল হব যে,—‘নেদেখিছা এওঁ হেনো আসামৰ ৺হেমচন্দ্ৰ বৰুৱা আৰু ৺আনন্দৰাম বৰুৱা নাইবা ৺লম্বোদৰ বৰাৰ দৰে কিতাপ লিখি আসামক কিতাপৰ চহকী কৰে।’ কিন্তু আমাৰ বোধেৰে ডাঙ্গৰ পুৰুষসকলৰ জীৱনী কেৱল উঠি অহা পৰাৰ অনুকৰণৰ বস্তু। সেই জীৱনী পঢ়ি যদিও লৰাবিলাক ঠিক তেওঁলোকৰ দৰে হব নোৱাৰে, তথাপি তেওঁলোকৰ পিচত খোজ লব পাৰে।

 যি হওক কিতাপ প্ৰকাশ কৰা হল। এইটো নিশ্চয় যে, প্ৰথম বাৰত কোনেও কোনো কামতে কৃতকাৰ্য্য হব নোৱাৰে। কিন্তু প্ৰথম বাৰত উৎসাহ পালেহে দ্বিতীয় বাৰ ভাল কৰিবলৈ চেষ্টা কৰে। ৰাইজে জ্যোতিক সাদৰেৰে চালে, লিখকে উৎসাহ পাব আৰু ভবিষ্যৎ এনে কাৰ্য্যত ব্ৰতী হব। ইয়াৰ ভাব কেনে হৈছে কব নোৱাৰো; যি হওক চাকি চাই পাঠক পাঠিকা সকলে মুখত তিতা পালেও পেটলৈ ভাল বুলিহে প্ৰকাশ কৰিলো।