পৃষ্ঠা:জ্যোতি.pdf/৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

উচৰ্গা।

আই, দেউতা,
 আপনালোকৰ মই অধম পুতেক,
  নাই মোৰ দিবল'ই ভক্তি উপহাৰ,
 পুতেকৰ ক্ষমি দায় আছিল যতেক,
  ল’বা সাদৰেৰে এই কাব্য-মালাধাৰ।
 বহুত দিনৰ ফল অনেক যত্নৰ,
  যতনৰ ফুলধাৰ কৰিব গ্ৰহণ,
 কিদিম ইয়াকে ল’ই অধম পুত্ৰৰ—
  কৰোক সাৰ্থক যেন আন্ধাৰ জীবন।

সুৰেণ ♣

⸻ ০ ⸻