পৃষ্ঠা:জ্যোতি.pdf/২০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৫)

দেৱ, কিয়নো তুমি সংসাৰ এৰিলা,
 শোকাগ্নি জ্বলালা,
 দুখত পেলালা,
আসাম মাতৃক কিয় অকলে ত্যজিলা?

(৬)

উপজিলা হেতু তুমি পাপ মোচনৰ,
 ভৱ-সাগৰৰ,
 সকলো জীৱৰ,
সেই দেখি পালা সুখ শেষে স্বৰগৰ।

(৭)

থাকা, থাকা, থাকা, তুমি স্বৰগ-ধামত,
 মহা আনন্দত,
 প্ৰভুৰ লগত,
না আকি বিশ্বৰ ছবি তবু হৃদয়ত।

(৮)

নহয়, নহয় তুমি বিশ্বল’ই চোৱাঁ,
 বিশ্বগান গোৱাঁ,
 দয়াবান হোৱাঁ,
যেন তুমি আসামক শোকত নোথোৱাঁ।