পৃষ্ঠা:জ্যোতি.pdf/১৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

শ্ৰী৺মাধৱ দেৱ।

(১)

কোন আজি কোন নাই আসামৰ মাজে,
 শোক বেনু বাজে,
 বেজাৰৰ সাজে,
কিয়নো আসাম মাতৃ দুখত বিৰাজে?

(২)

চৰাই চৃকতি আজি গছে গছে পৰি,
 মধুগীত এৰি,
 কৰ্ত্তব্য নকৰি,
কিয়নো বেজাৰ কৰে আকাশত উৰি?

(৩)

নৰ সমাজত আজি উৰুমি কিহৰ?⸺
 শোক-বেজাৰৰ,
 কিবা অভাৱৰ,
কিবা এটি নাই যেন অসমাকাশৰ।

(8)

ইকি আচৰিত! আজি স’উ আকাশত,
 অতি উলাহত,
 নব আবেগত,
পিন্ধাইছে পুষ্প-মালা মাধৱ-শিৰত।