পৃষ্ঠা:জ্যোতি.pdf/১৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(১৩)

শিক্ষা-সোপানৰ
অত্যুচ্ছ স্তৰত,
 ক্ৰমে নিত’উ খোপত খোপে,
পাৰো যেন প্ৰভো,
অতি আনন্দেৰে
 বগাব দাসে দোপত দোপে।

(১৪)

অৱশেষে প্ৰভো,
মুখ অনুগতে,
 কৰিছো প্ৰাৰ্থনা তৱ চৰণত;
ৰাখা যেন প্ৰভো,
আপদে বিপদে,
 দুখীয়া দাসক চিৰজীৱনত।

১৯২৫