পৃষ্ঠা:জ্যোতি.pdf/১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(১০)

আছে যত প্ৰভো,
অসৎ স্বভাৱ,
 সকলোকে তুমি ধ্বংস কৰা;
চিৰকাল যেন
সৰল লুচিত,
 হয় অধমৰ দুগুণে চৰা।

(১১)

চিৰকাল যেন
মন মোৰ প্ৰভো,
 ধৰমৰ পিনে পিচলি যায়;
অসৎ কামত
হিয়া যেন মোৰ
 হয় নিচিনা মৰাৰ প্ৰায়।

(১২)

শিক্ষা দিক্ষা দিয়া
গুৰু সকলক
 ভাল পাবল'ই মতি দিয়া :
তৱ চৰণত
ভৱ অনুগতে,
 কৰিছো শত ভক্তিৰে সেৱা৷