পৃষ্ঠা:জ্যোতি.pdf/১৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৭)

মাননীয় লোক
দেখিলে সদায়,
 যেন ভকতি উপচি পৰে;
গুৰু সকলক,
অতি ভকতিৰে,
 শিষ্য সকলে কৰাৰ দৰে।

(৮)

দুয়োটি হাতকে,
যেন মোৰ প্ৰভো
 দানী অতি হব’লই দিয়া;
তাৰ লগতেই
কৰুণাৰ হেতু
 আৰু এখনি কোমল হিয়া৷

(৯)

দেশৰ নিমিত্তে
গোটেই জীৱন,
 পাৰো যেন আমি দিব দান;
পিন্ধাব পাৰিম
মাতৃৰ কণ্ঠত
 যেন গৌৰব অসম মান।