পৃষ্ঠা:জ্যোতি.pdf/১৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(8)

 আশ্ৰয় বিহীন
 লোকৰ লগত,
 যেন চকুলো দুধাৰি বয়;
 কণা-অকৰাৰ
 সহায়ৰ হেতু,
 হাত দুটি যেন দানী হয়।

(৫)

 চেনেহ বিলোৱা
 দুখত দুখীয়া,
 দেখিছো আমি চকুত যাকে
 তেনে মাতৰিৰ
 আৰু দেউতাৰ,
 যেন চৰণে ভকতি থাকে।

(৬)

 উঠিব নোৱাৰা,
 ৰোগী সকলৰ,
 প্ৰতি পালনত যেন আমি,
 নিজৰ স্বাৰথ
 কাতি কৰি থ’ই
 হব পাৰো প্ৰভো অগ্ৰগামী।