পৃষ্ঠা:জ্যোতি.pdf/১৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

প্ৰাৰ্থনা।

(১)

 (প্ৰভো,) কৰিছো মিনতি
 অধম মুৰ্খই,
 তোমাৰ চৰণ কমলে পৰি,
 দিয়া যেন জ্যোতি,
 তৱ জেউতিৰ,
 মহা অধমক কৃপা কৰি।

(২)

 আৰু দিয়া যেন,
 শুভ জ্ঞান মন,
 তৱ সৃজিত মূখ দাসক;
 মনৰ কুচিন্তা,
 নিয়া আতৰাই;
 দিয়া স্থান পৱিত্ৰ ভাৱক।

(৩)

 লোকৰ দুখত
 দুখী হবল’ই
 চিৰকালে মোৰ মতি দিয়া;
 পাৰো যেন প্ৰভো,
 গুচাব আন্ কি,
 দুখীয়াৰো চিৰ হুমুনিয়া।