পৃষ্ঠা:জ্যোতি.pdf/১১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

মোৰ জন্মভূমি।

(১)

 হিমালয়ে উত্তৰত,
 সমুদ্ৰই দক্ষিণত,
প্ৰণমিছে যাক নিতে,—শিৰত—পাৱত,
সেয়ে মোৰ জন্মভূমি স্বৰ্ণৰ ভাৰত।

(২)

পূৰুবত আছে যাৰ গিৰি পাতকাই;
দ্ৰুতবেগে পশ্চিমত সিন্ধু ব’ই যায়,
 মহা কবি য'ৰে পৰা
 হই জন্ম বসুন্ধৰা
উজ্জ্বলালে লিখি মহা কাব্য মনোৰম,
সেয়ে মোৰ জন্মভূমি, — ভাৰত অসম।

(৩)

চাৰিও বেদৰে য’ত আছে জন্মস্থান,
পূজিলে ঈশ্বৰ য’ত কৰি সাম গান;
 নানা শাস্ত্ৰ আলোচনা
 বীৰ আৰু বীৰাঙ্গনা
ল’ই জন্ম হ’ল য’তে মৰিও অমৰ,
সেয়ে মোৰ জন্মভূমি আৰ্হি জগতৰ।