পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৯৭

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
জ্ঞান-মালিনী
৫৫
 

এই লাম্ ভাম্ নেওচা দি এৰি,
গোটা ৰাতি দিনে সেই সঁচ ফেৰি,
সেই ভেৰোণেহে দিব দিহা কৰি,
ভৱ-সাগৰৰ নাও!

8
সেই সমলেৰে তালৈ যেন গই,
কাৰো মুখলই অনা-চোৱাকই,
চহাবলৈ পাৰ ততাতৈয়া কই,
মায়া-চপৰাণি-খন;
পাছে আৰু যেন, চোঙ্ সলাবলৈ
আগলৈকো যাতে নলগীয়া হই,
জাহ-যাৱ তাতে, খিলঞ্জিয়াকই,
অন্ত কৰি ৰিপু-ৰণ।


কিন্তু যদিস্যাত হেলাওটা কৰি,
আয়ু-ধন ফেৰি দিয় খয় কৰি
চাবি!—শেহান্তৰে বিমোৰত পৰি,
নহব একোকে কৰা।
চা-চোঁ তোৰ দৰে কত উপজিলে,—
সৰু, মাজু, বৰ, কত হ'লে গ'লে,
এটি এটি কৰি ক্ৰমে ৰসাতলে
পৃথিবী হ’বৰে পৰা;


সিহঁতৰো এক আছিলে তো প্ৰাণ,
জ্ঞান, বুধি, বল, যশস্যা ও মান,