পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৯৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আত্মন্


হেৰ আকলন! অগিয়ানী মন!
কিয় ৰাতি দিনে কৰ 'ধন ধন’?–
কিয় গেলাইছ কঠীয়াৰ কণ,
 এনে সোৰোপালি কৰি?
নেজান নে তোৰ এই খেতি খন,
অলপতে হায়! পৰি যাব চন?
অলপতে তোৰ ভাগি ভিকাচন
যাবি দিহাদিহি লৰি?


নৱ পামলই পৰস্তে নো তই
ৰাহি নোহাকই, শুদা হাতে গই,
কঠীয়া নো পাছে সিঁচি কেনেকই,
 ৰুবি পৰমাৰ্থ ধান?
এই ধনে-ধানে নাহিব তো কাম;
নহব যে তাত এই নামে নাম;
দাবগৈহে যদি পাৰ সেই পাম,
 তেহেৰব’ তোৰ মান!


হেন জানি তই এতিয়াৰে পৰা,
এৰি একে চাবে এই ওৰাধৰা
কৰোঁ-কৰোঁ বুলি কৰিব-নোৱাৰা
 কানীয়া চেলেপু ভাও,