পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৯৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
জ্ঞান-মালিনী
 

 ৫০
ইয়াৰে মাজৰ   তয়ো তো মফিজ!
সামান্য এটিহে জীৱ;
তেনতে নিজক   ডাঙৰ বিবেচি
ফিতাহি মাৰ নো কিয়?

৫১
কথাই পতি যে   নিজৰ বখান,—
কথাই পতি যে 'মই';
ৰিজাই চালেহে   বুজিব পাৰিবি,
কিমান কণি নো তই!

৫২
গোটেই বিশ্বৰ   প্ৰাণীৰে সইতে
তুলনা কৰিলে তোক,
ইমান, একণি  দেখাই, যেনেহে
এ-টি সামান্য পোক!

৫৩
সমুদ্ৰ-মাজত।   পোনাটি যেনেহে—
পৃথিবী-মাজত লেখি,
গোটেই বিশ্বৰ   প্ৰাণীৰে মাজত,
তোকও তেনেহে দেখি।

৫৪
সৌৱা চা! হেজাৰৰ   বালিৰ চাপৰি,
অলেখ বালিৰে ভৰি,
আছে যে সাগৰ,  সমুদ্ৰ-পাৰত
ইপিনে সিপিনে পৰি;