পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৯৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জ্ঞান-মালিনী
৫১
 

 ৪৫
গাগিনী, বাঘিনী   গাহৰি, সিংহ,
ভালুক—ভালুকী, গঁৰ,
শিয়ালো, কুকুৰ,  মেকুৰী, এন্দুৰ,
সুগৰী, হৰিণা, সৰ।

৪৬
কাউৰী, কুকুৰা,   পৰুৱা-পিপৰা,
মকৰা, চিকৰা উঁই,
ভোমোৰা, বৰল,   চেঙেলী, চিতল,
মচোৱা, ফেঁটী ও গুই।

৪৭
মানুহো আছে যে   কত কি জাতৰ—
হিন‌্দু, মোছল‌্মান,
ইহুদি, কাফিৰ,   গৌতমী নাস্তিক,
ব্ৰাহম্য, খিৰিচটান।

৪৮
পটিয়ে পটিয়ে  হেজাৰো ফইদ‌,—
নানান, বেমেলি জাত
আপোনা-খেলৰ   চলন-কৰণ,—
আপোনা-দেশৰ মাত!

৪৯
উৰিয়া, বঙালী,   মান্দ্ৰাজী, নেপালী
কেঞা ও কাবলী ‘দোচ’ *
খাম‌্তি, চিঙ‌্ফৌ,  বিহিয়া, আহুম,
কছাৰী, বিহাৰী, কোঁচ।

  • দোচ্—ফাৰ্চি দোস্ত শব্দৰ অপভ্ৰংশ; অৰ্থ বান্ধৱ।