পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৯২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
জ্ঞান-মালিনী
 

৪o
এঘাৰ খোলাতো,   কত যে নগৰ,
জিলা, মহকুমা, গাওঁ।
টাঙনি, চহৰ   মৌজা, তহচিল—
—ভাবিয়ে বিৰ্চুতি খাওঁ।

৪১
ইবোৰ ঠাইতো   অত যে পৰাণি!—
—অকলে বতাহী কিয়?
মাটীয়া, পানীয়া,   কত কি বিধৰ
আছে যে কত নো জীৱ!!

৪২
তাৰেহে মাজৰ   এখনি জিলাও
এই যে ডিবৰুগড়;
ইয়াৰে সদউ   পৰাণি দেখিলে
বিবুধি হয় যে নৰ।

৪৩
গোটেই বিশ্বৰে   ৰিজালে, ডিবৰু,
দেখাই এনেহে যেন—
টুমনি-মাজত   বালীয়া চাহিটি;
সমুদ্ৰ-মাজত ফেন।

৪৪
এনুৱা এফেৰি  ঠাইতে দেখোন,
কত যে পৰাণি হায়!
মেনা ও মেঠোন,   হাতী, ঘোৰা, গাধ,
ছাগলী, গৰু, ও গাই,