পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৯০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
জ্ঞান-মালিনী
 

কোনোটি চৰিছে,   কোনোটি পৰিছে,
  কৰিছে যি যেনে কাম;
আপোনা-আপোনা—   — গুণৰ বলেৰে,
  পাইছে সি তেনে পাম।

৩১

তৰাই তৰাই   (কত যে ধৰাই)
  বাগৰি-জুগৰি ফূৰি,
বিৰতি-কঠীয়া   সিচোঁতে সিচোঁতে,
  উন্নতি-খেতত ঘূৰি,

৩২

নিষ্কাম ধৰমী   হ'বলৈ পাৰিছে,
  পৰানীহঁতৰ যিয়ে
শান্তি-সাগৰত,   বুৰ্-দি পাছত,
  মুকুতি লভিছে সিয়ে;

৩৩

দ-ঘুলি-মাজত,   কাৰণ-পানীৰে
  সমূলি মিহলি হই,
তেনেই গুচিছে   ‘অহং-জ্ঞানৰো’
  সুকীয়া ভাবটি— ‘মই’!

৩৪

তেন্‌তে এইযে   অনন্ত শূন্যৰ
  দেখিছোঁ যিমানে তৰা,
প্ৰত্যেক এখনি   সুকীয়া সঁতল, (১)
  প্ৰত্যেকে এখনি ধৰা!

(১) সঁতল=সমতল=plane.