পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৮৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জ্ঞান-মালিনী
৪৭
 

২৫
নিখৰ্ব্ব যোজনো  দুৰই যদিও,
ইটিয়ে সিটিৰ পৰা,
তথাপি নিচেই  ওচৰা-ওচৰি
দেখোঁ যে সকলো তৰা।

২৬
কোনোটি ডাঙৰ,  কোনোটি সৰুও
কোনোটি মইধমীয়া,
ভাবিলে ইবোৰ, নিৰাশ-ডাৱৰে
আবৰি ধৰেহি হিয়া।

২৭
আমাৰ পৃথিবী খনিয়ে পাইছে
মুঠেই এটিহে জোন;
বৃহস্পতি ও  শনিয়ে পাইছে
চাৰিটি, আঠোটি জোন!

২৮
যেনেকৈ ইয়াত  পৰ্ব্বত, ভৈয়াম,
গছনি , পৰাণি আছে,
জুলীয়া ধাতু ও  সমুদ্ৰ, শিলনি,
তাতে যে তেনেকৈ আছে।

২৯
তাতো যে তেনেকৈ,  অদ্ভুত অদ্ভুত
পৰাণি সকলে চৰি,
উন্নতি-বাটত  যাবই লাগিছে,
দবৰা-দবৰি কৰি।