পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৮৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জ্ঞান-মালিনী
৪৩
 

 ৫
'মৰণ’ ‘জীৱন'—   কত কি ভাবিলোঁ,—
ভাবিলোঁ সংসাৰ-লীলা;
থাউনি নেপাই   একোকে পাছত
হ'লোঁ মই তব্ধ শিলা।

 ৬
ইপিনে দেখিলোঁ—   শূন্য আকাশত
ওলালে অলেখ তৰা;—
মিচিকি মিচিকি   হাঁহিটি মাৰিয়ে,
জোনালী কৰিলে ধৰা।

 ৭
দেখি সি তৰাৰ   টালুকি-ভালুকি,
উঠিলে ভাবৰ ঢউ;
লাগিলে এনেহে   সুৱদি সি যেন,
মাণিকী-মধুৰী মউ।

 ৮
আববি-বিবৰি   চেলেপু, ভাবনা,
এৰিদি পৰস্তে মই,
তৰাৰ ভাবতে,   উটিলোঁ বুৰিলোঁ
পাঙনি-লিগিৰী লই।

 ৯
ভাবিলোঁ মনত—   তৰাটিহঁতিয়ে
টিপিয়াটিপি যে কৰে,
পিৰঠি পছাৰি   স্বৰ্গৰ ফাললৈ
আমাকে মাতিছে ঠাৰে।