পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৮৩

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
জ্ঞান-মালিনী
৪১
 

দুদিনতে গেলি-পচি হ’ব ‘ছাৰখাৰ’
পোকে খচি খচি খাই উলিয়াব হাড়,
হাড় বিলাককো পাছে মাটি বনে খাই,
সমূলঞ্চে চিন ছাব দিব নুমুৱাই।
পঞ্চভূতে মিলি যাব তযু পঞ্চভূত;
কোন কেনি যাব কেৱে নেপাবও ফুট!
কিন্তু তুৱা জীৱনৰ যত পাপপুণ,
তাৰ হন্তে আমাৰ চিটিকিব ধুন;
পুণ্য বেচি হ'লে বঁটা, পাপ হ'লে ডঁৰ;
এবে যেনে ৰুবাঁ, তেনে দাবী শেহান্তৰ।
জীৱটিৰ অন্ত পৰে প্ৰাণী ঢুকালেই;
জীৱ-আত্‌‌‌‌মাহে মাথোঁ থাকে অকলেই।
তেৱেঁ সকলোৰে বাবে জগৰীয়া হই,
অনন্তত উটে-বুৰে যুগমীয়াকই।
এবে তোমালোকে কৰাঁ যত মানে কাম
গৰাকীৰ ওচৰতো সিটিৰেহে নাম।
গতিকেহে মৰা-পাছে সিটিয়েহে গই
তাৰ বেচ ভূগিবগৈ যুগমীয়াকই!—
—এয়ে জগতৰ ৰীতি, বুজা ডেকাহঁত!
অলপতে কিয় এনে হোৱা উধাৱত?

শঁক ১৮১৫
৫ আহিন।