পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
জ্ঞান-মালিনী
 

 (ন)
কান্দি বিয়াকুল হই,  অকলে নিৰ্জ্জনে গই,
অতি কাকূতিৰে ক'বা, দুই হাত তুলি,—
—'হায় বিধি কি কৰিলোঁ,   লাভে মূলে হেৰুৱালোঁ
এবে মই অধমক ক্ষমা কৰাঁ' বুলি।

 ১৮

অকস্মাৎ এনে দৰে থাকোঁতে থাকোঁতে,
এদিন টিপা-দি ধৰি, নিব যম-দূতে!
কোটি পৰিয়ালে হায়! বেৰি থাকিলেও,
এখন্তেকো ৰাখিবকে নোৱাৰিব কেওঁ,
লোৰ গম্ভৰতো যদি থাকা তোমালোক,
তাতে আহি মৰা-কালে মাৰিবহি ঘোঁক!
কাবউ-কোকালিলৈও নকৰিব কাণ,—
কিম্বা কোটি লাখ টকা কৰিলেও দান,
মাটিৰ সজাটি মাথোঁ পৃথিবীতে থই,
জীৱ-পক্ষী ধৰি নিব নিজ দেশলই।
লগা-ভগা চুবুৰীয়া বংশ পৰিয়াল,
বেজাৰত কান্দি কান্দি হ’ব লাল্ কাল্;
কিন্তু সাধ্য নহ'ব যে কোনো এজনৰ,
মৰণৰ পৰা তাক কাঢ়ি ৰাখিবৰ!

 ১৯

আহা-
জীয়াই থাকোঁতে এবে, যেই খনি মুখ
এখন্তেক আঁৰ হ'লে, কৰে কত দুখ;
কত কন্দা-কটা লাগে, পৰবাহলই
দুদিনৰ নিমিত্তেও এৰি দিবলই;