পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৭৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জ্ঞান-মালিনী
৩৭
 

 (ণ)
লৰা-লুৰি, ধন-বিত,   ৰঙ, ধেমালি ও গীত,
ধুন-পেঁচ, টকচালি, আলৈ-আহুকাল,
খেতি-বাৰী, হাট বাট,  বিয়া, সভা, ভোজ-ভাত
—এই বিলাকো যে আৰ, নেলাগিব ভাল।

(ত)
যত সংসাৰৰ লেঠা,   এৰি সকলোৰে বেথা
সাজ, হই ৰ’বা মাথোঁ মৰণৰ ফালে;
ইচ্ছা হ’ব এনে হেন—  বাঁকি দুদিনতে যেন
মহা ধৰ্ম্মী হওঁ, পাপ খণ্ডি একেকালে।

(থ)
কিন্তু হায়! নাই নাই,   থিতাতে নো কোনে পায়,
বৰষুণ অহা দেখি বিচাৰিলে জাপি?
মিছা খপজপ্ কৰি,   খাবা মাথোঁ হাবাথুৰি,
আহিব সি মত্যুকাল যতেকতে চাপি।

(দ)।
খুপৰীতে ফাঁট্-মাৰি,   'হায় হুমুনিয়া' কাঢ়ি,
আহি পালে আহি পালে বুলি যম-কাল,
ভয় আৰু ভাবনাত,   ল'বা নিতে নিজ গাত,
সৰ্ব্বনাশী মৰণৰ অহা-আটকাল॥

(ধ)
মাজে মাজে একোবাৰ,   জীৱনৰ পাপ-ভাৰ,
আদি-পৰা অন্তলৈকে, সুঁৱৰি, সুঁৱৰি,
নিজে নিজে ভাবি চাই,   নিজেই বিৰ্চূতি খাই,
প্ৰতি পলে গাৰ নোম উঠিব শিয়ৰি।