পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৭৮

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩৬
জ্ঞান-মালিনী
 

 (ঞ)
যেই কঁকালৰ বলে,  ফুৰা আজি দলে দলে
কাঠনিৰ মতলীয়া গুণ্ডা হাতী যেন;
হায়! তাৰো যোৰা লৰি,  ক্ৰমে হলি-ঢলি পৰি,
অন্তত কুঁজা হ'ব ধেনু খনি হেন।

(ট)
যেই ভৰি দুখনৰে  ফুৰাঁ, দেশ দেশান্তৰে
খন্তেকতে যাব পাৰা যোজনৰো বাট;
ক্ৰমে ৰগ ঢিলাহই,   তাৰো এনে হ’বগই—
দুখোজৰ সমৰথো নেথাকিব গাত!

(ঠ)
ধেমেলীয়া মিতাহঁত  নেপাবাঁ তো সিকালত,
এই ধিতিঙালি কৰি ফুৰিবলৈ আৰু;
গাইগোটা জগতত, সেই বুঢ়া-বয়সত,
লগৰীয়া হব মাথোঁ লাখুটি ও গাৰু!!

(ড)
এই পৰ্ কিতি লৰি,  অন্য মতি-গতি ধৰি,
মহা কেনেৰীয়া হ'বা তোমালোকে হায়!
অলপতে ঠেহ্ ধৰি,  কেটেৰা-জেঙেৰা মাৰি,
লগাবাঁ যে ঠোটামোজা নিতে হাই-খাই।

(ঢ)
অতি আখৰুৱা হই,  তাৰো পিছে হ'বাগই
নাতি-পুতি বিলাকৰ এটি হাৰমাল;
তযু আল্-ধৰোঁতাই ক’ব,  আহুকাল পাই,—
‘এনে আপদীয়া বোৰ মৰিলেও ভাল। '