পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৭৭

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
জ্ঞান-মালিনী
৩৫
 

 (ঙ)
বিত্ চকু নলগালে,   নমনিবা কোনো ফালে,
জুমিলেও পৃথিবীৰ সৰু বস্তু বোৰ;
তাতে পৰ্কিতি লৰি,  নিতে খকাখুন্দা কৰি,
এৰিবই নোৱাৰিবা জু’হালৰ খোৰ!

(চ)
সেই ওন্দোলোৱা গাল,  নিকা শিতলীয়া ছাল,
বুঢ়াকালে কৰিবহি সোটোৰা-সোটোৰ;
নিৰুগীয়া শৰীৰত  নিতে হ’ব সি কালত,
—আজি জ্বৰ, কালি খৰ, কত কি যে কোৰ!
 
(ছ)
হাঁহি-মিচিকনি-মৰা,  টান-বস্তু-গুৰি-কৰা
দালিমৰ গুটি হেন দুয়ো পাৰি দাঁত;
সিও ক্ৰমে সৰিগই  সোলা–লাপুঙীয়া হই,
কেঁৰা ভাগি নুফুটিব এষাৰিকো মাত!

(জ)
যেই বুকু খনি চাই,  ফুৰাঁ আজি ফিন্দুৱাই,
লেখিব যে পৰা হ'ব তাৰো কামী-হাড়,
দিনে দিনে পমিগই, জ'কাটিহে ৰ'বাগই,
সহিবই নোৱাৰিবা দেহাটিৰে ভাৰ।

(ঝ)
লোহোৰা লোহাৰ হাত,  এনে শক্তি আছে যাত—
 ক্ষণে বধিবলৈ পাৰে কত হাতী গ'ৰ;
তাৰো এনে হব গতি,  —বল নামে একো ৰতি
নেথাকিব, আন্ কি যে মাখি খেদাবৰ!