এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জ্ঞান-মালিনী
৩১
(প)
গাঁত বিলাকৰো— অতি নামনিৰো—
তলে তলে, প্ৰতি পলে,
লাগি ভম্, ভম্, পৰি ৰম্ৰম্,
জুই-কুণ্ড এটি জলে!!
(ফ)
যেবে শেহান্তৰে অতি হেপাহেৰে,
কোনো বাটৰুৱাটিয়ে,
সেই ঘাটলই পানী খাবলই
গই, ভৰি খনি দিয়ে,
(ব)
জানো কেনে কৰি, নিমিষতে পৰি
জুই-কুণ্ড-ভিতৰত,
জলি পৰি হায় তাতে মাৰ যায়,
ছাই ভস্ম এঙাৰত!!
(ভ)
এই ঘাটতেই পৰে হঠাতেই
বাওঁ আলিটিৰো ওৰ;
আৰু, সেই লগে, তোলে একে যোগে,
ধুন্ধুপালিৰো হোৰ।
(ম)
মিছা হুতাহৰ আৰু, হেপাহৰ,
আশা, কামনাৰ হাট;
দেখোতেহে চুটি, দৰাচলে ইটি,
কোটি যোজনৰ বাট!!