পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জ্ঞান-মালিনী
২৭
 

(গ)
ফুলি আছে ফুল—  কেতেকী, বকুল,
বেলী, চম্পা, জৱা, গুটী,
গুলচি, গুৱাল, গধূলি-গোপাল,
সেউতী, মালতী, যূতি,

(ঘ)
কঠনা, কুহুম, পিৰিকা, পদুম
গোলাপ, খৰিকাজাঁই।
ধুতুৰা, কাঞ্চন, আৰু কোঞা-বন
নাই সীমা-সংখ্যা নাই!

(ঙ)
নানা তৰহৰ কৰবী, তগৰ
গোন্ধতে আমোল-মোল;
ভেঁট, পাৰিজাত, মৰুৱাৰো ঠাঁট
দেখি, বাটৰুৱা ভোল।

(চ)
চৃকতি চৰাই, কত ভোমোৰাই,
জাকি মাৰি মাৰি উৰে;
ফুলে ফুলে পৰি, জুতি ধৰি ধৰি,
মউ চাকি চাকি ফুৰে!

(ছ)
কত সুৰে গীত, কত ৰাগিনীত
কুলি মইনাই গাই,