পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
জ্ঞান-মালিনী
২১
 

১৩
আহা! কেনে সুকলমে, ডেকালৰাবোৰ

ফুৰিছেহি ওভোটাই চুৰিয়াৰ ঠোৰ
নাই বাধা বিঘিনি ও নাই গূৰু, জন,
দেখি নিৰজন ঠাই উত্ৰাৱল মন।
গুপুতৰ গুৰি কথা কয় জনে জনে;
কিবা ভেদ পায় আৰু হাঁহে ঘনে ঘনে।
কোনো জনে বখানিছে নিজ ৰূপ-গুণ;
কোনোৱেবা কাৰবাৰ পিন্ধা-ঊৰা-ধুন;
কোনো জনে নিজ বল ভাবিয়েই আকুল,
নিজে বুধিয়ক জানি কোনো বিয়াকুল;
কোনোটিয়ে নিজকেহে ওপৰঞ্চি বুলি,
ওৱাইডাং কথা কৈছে বাহু তুলি তুলি;
কত কি যে হাঁহি মাতি, পাতি কত পাঙ,
শূন্য আলাসতে কত সাজি বালি-চাঙ,
ইটে-সিটে টনা-টনি কৰি হুৰামূৰি,
মাজে মাজে একোষাৰি প্ৰেম-গীত যুৰি,
লাহে লাহে ঠেও-ধবি ডেকালৰাহ’ত,
গা-ঘেলাই গই আছে আলি-ওপৰত।

আনন্দৰে পাৰ নাই, লগৰীয়া পাই;
কিনো কথা কয় মুখে, ভ্ৰূ-ভঙ্গেই নাই!
কিবা আহে কিবা যায়, কোনে কৰে কাণ?
মূৰ-মুকলিকৈ ফুৰে নাবাবৰ মান?
প্ৰতি কথাতেই মাথোঁ তোলে আনি প্ৰেম;
কিন্তু এনি ভুও নাই কাক্, বোলে প্ৰেম!
গমিও নেচায় হায়! সেই ডেকা কাল,
হ'হা-মতা, গীত-মাত, ৰয় কত কাল?


৫,