পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২০
জ্ঞান-মালিনী
 

এনেকৈ থকাতে,  একেটা ঢাকাতে,
  মা-কেও কৰিছে শাঁত।


সকলো ঘৰতে, এইটি পৰতে
  জলিছে অলেখ চাকি;
অজলা চগাই,  পিৰীতি লগাই,
  দিছেহি জীৱটি বাকি।

১০

ষতেকে পৰিছে,  ততকে চৰিছে,
  নুশুনি নেমানি হাক,
পদূলি পদূলি  খেলিছে গধূলি
  লৰা ও ছোৱালী জাক।

১১

ঝি-ঈ-ঈ বুলিয়ে,  গাইছে জিলীয়ে,
  প্ৰভুৰে মহিমা-গীত
একান্ত মনৰে অনন্ত জনৰে
  বিচাৰি আপোনা হিত।

১২

ডিবৰু, দাঁতিতে,  চাহেবী পটীতে,—
  আছে যি সেন্দুৰী আলি,
তাতে ই পৰতে  ডঙ্গুৱা ভকতে
  চোৱাঁহি ধৰিছে চালি।