এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১
গধুলি হইছে মলয়া বইছে,
বেলিটি গইছে বুৰি;
সোণালী বৰণে, পৰি হাবি বনে
চমকে পৃথিবী যুৰি।
ৰাঙলী ছবিটি বুকুৰে সাবটি
নাচিছে ডিবৰু নই;
জপনা জাপিছে, বখীয়া চাপিছে,
দমবা দামুবি লই।
চৰাই-চৃকতি আহিছে উলটি,
আপোনা বাহলৈ উৰি,
হালোৱা, হজুৱা, কানীয়া, ভঙ্গুৱা
টোকোবা-পজালৈ ঘূৰি।