পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জ্ঞান-মালিনী
১৫
 

নিজ কৰমৰ দোষ ভবা-গুণা কৰি,
খনি পাটীতেহে থাকিবিহি পৰি।
সংসাৰৰ হাই দ্বন্দ্, কিম্বা খোঁচা–খুঁচি,
সকলোৰে অন্তৰৰ সমূলঞ্চে গুচি,
নিজৰেহে ভাবনাত নিজে কোঁচ-খাই,
চিঞৰিবি– ‘ত্ৰাহি! ত্ৰাহি!’ আৰু, ‘হায়! হায়!’

 

“তেন্তে কিয় মিছাতেই কপটালি কৰি,
চলাইছ দিনে দিনে সি জীৱন ঘড়ী?
জানিছ যে ভাৰস্তৰ সেই বাৰী, ঘৰ,
নোহে নোহে যুগমীয়া,—মাথোঁ দুদিনৰ।
জানিছ তো, খিলঞ্জীয়া নোহে ধৰাখন;
তথাপি যে এনে দৰে মেলি দিছ মন?
এই কথা মনে মনে জানিবি থিৰাং—
প্ৰভু দিহা বিলাকৰ নাই টাংবাং,
ষেবে সুখ-দুখ আছে,—আছে বাতি-দিন;
তহ’তে যে আছগই আলহীহে তাত,
হাটবুৱা বূপে মাথোঁ বেহাবলৈ হাট!
তৰিবলৈ ইপুৰীত,—ঘটিবলৈ বিত,
দুদিনৰ নিমিত্তেহে আছ পৃথিবীত!
এতেকে, হে! জগতৰ আধা-মূৰী নৰ!
(নিতে ভয় মনলই আনি মৰণৰ,)
অকথাতে নকটাবি,—নিনিয়াবি জীণ,
বহুমুলী জীৱনৰ সেই কেই দিন।
নিজ বেহা-বেপাৰত দে দে মন-প্ৰাণ;
কোনো লীলা-ওমলাত নকৰিবি কাণ।