পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
জ্ঞান-মালিনী
১৩
 

সেই খলকনি উঠি বায়ু বোকোচাত,—
ছাটি মাৰি টিকা, ধোন্দ্ হাবি, লকচাত।
তোলে এটি হিয়া-ফটা ঊৰুমি ও হাই,
প্ৰতিধ্বনি জাগি উঠি কান্দে—'হায়! হায়!'

জ’কা পতি দুটি এটি ‘আশা' হালিজুলি,
বিনাইছে বিতন্ডছে কত কিযে বুলি,
“হেৰ! দুৰ্ কপলীয়া নিছলীয়া নৰ!—
নিজে মই-মতলীয়া, নিজে মই-বৰ!
আজীৱনে ধৰি মোৰ, আলপৰিচান,
পালি-পুহি এবে হায়! কৰ আওকাণ!
হায়! কিয় একে-চাবে ঠেৰু, ছিঙ্গি মোক,
দলনিত-পোনা-মেলি দিছ অত শোক?
নিৰালমে আছোঁ মই, থানিকা যে নাই;
কোনে আজি ৰক্ষে মোক?—হায়! হায়! হায়!”

এনি-তেনি দেখোঁ মানে যত মৰা শৱ,
পৰি আছে নিশৱদে নাই কোনো বৱ।
কি যে ভয়ানক ভাৱে দাঁত নিকটাই,
হাঁহি হাঁহি আছে, যেন ভাবি চাই চাই-
পথিবীৰ গতি-মতি লাহ-বিলাহক;—
আৰু, এই মতলীয়া জীয়া মানুহক।
চিয়াৰেৰে কয় যেন,—“হে! মানুহহত!
এয়ে শেহ-দশা, চা-হি, তষু, কপালত!
আজি হায়! ফুৰিছ ষে ধপচালি মাৰি
দুদিনীয়া পৃথিবীত মূৰে-ভৰি কাঢ়ি,