পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মৰিশালী খনি
(ডিবৰু, নৈৰ সিপাৰৰ)


আহা! কেনে নিজমীয়া,—কেনে নিজঞ্জাল!
যেনি চাওঁ, দেখা পাওঁ,—নিমাত নিটাল!
কাঁহ্‌পবি যায় জীণ,—গভীৰ গহীন!
কিযে এটি বাজি আছে নিৰাশাৰ বীণ।
কিযে এটি কেনে জানো ৰিঙা-ভাৱ-ধৰা,
ৰই ৰই বায়ু বয় মৈদামৰ পৰা।
কিযে এটি চাটি-ফটি বেজাবব ঠাই,
শুনু, যেন কিবা হেন কান্দে— ‘হায়! হায়!’

 

আত্মা সকলোৱে যেন, আহি বাৰে বাৰে,
দেহা-জকা চাই চাই হুমুনিয়া কাঢ়ে;
পাকে পাকে বতাহত ফুবি ঘূৰি ঘূৰি,
শেহান্তৰে শূন্যে মাৰ যায়;—
শূন্য-গৰভতো যেন সেই— ‘হায়! হায়!’

 

পৰি থকা লাওখোলা, জকা কামীহাড়,
ছিগা হাত, ছিগা ভৰি দেখি আপোনাৰ,
জীৱন্তৰ যত কথা মনে মনে গুণি,
অতি বেজাৰেৰে কান্দে হিয়া ধুনি ধুনি।