পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জ্ঞান-মালিনী
১১
 

 তেৱেঁ ধনী, তেৱেঁ ধন;—
 “গোমস্তা ও মহাজন"
তেৱেঁ কাম, তেৱেঁ কামী; তেৱেঁ কাৰিকৰ;
নিশ্চয় নিশ্চয় তেৱেঁ বিশ্ব-খনিকৰ॥

 নিশ্চয় নিশ্চয় তেৱেঁ
 (দেখানায়ো যদি কেৱেঁ',)
“অন্তৰ্য্যামী, সৰ্ব্বজন, বিশ্ব-আত্মা-প্ৰাণ
সৰ্বব্যাপী, সৰ্ব্ব-দৰ্শী, সব্বশক্তিমান!!”

 তেন্তে মন! এতিক্ষণ
 হৈছে তযু পতিয়ন,—
যত মানে জীৱ-জন্তু আছে ত্ৰিলোকৰ,—

 কি চেতন, অচেতন,
 গছনি কি হাবি বন,—
সকলোকে সৰজোঁতা আছে কাৰিকৰ;—
নিশ্চয় নিশ্চয় এটি-বিশ্ব-খনিকৰ!!!

শ'ক ১৮১৭
৫ আঘোন।