পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৫২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
জ্ঞান-মালিনী
 

 সত্ত্ব ৰজঃ তম গুণ,
 সকলোতে নিৰগুণ,
বোলে হুনু, বিশ্ব-গিৰী সেই মহাজন;

 চাওঁ যদি ইপিনেদি,—
 আহা! কেনে বুকু-ভেদী
মৰমেৰে ববষিছে দয়া বৰষণ!

 তেৱেঁ কুহি-গজালিক,
 (পমা, চিচু, পাৰলিক,)
শেহন্তৰে একো জোপা কৰে ভয়ঙ্কৰ;-

 তেৱেঁ এমাডিমা লৰা
 কৰে ডেকা-তেজ-ধৰা,
অহঙ্কাৰ বঢ়াবলৈ মাক-বাপেকৰ।

 তেৱেঁ মানী, তেৱেঁ মান;
 তেৱেঁ দানী, তেৱেঁ দান;
তেৱেঁ কাম, তেৱেঁ কৰ্মী;—খেতি, খেতিয়ক;

 তেৱেঁ জ্ঞানী, তেৱেঁ জ্ঞান,
 তেৱেঁ তীখা, তেৱেঁ শাণ;
তেৱেঁ ধৰ্ম, তেৱেঁ ধৰ্মী,বুধি, বুধিয়ক্।

 তেৱেঁ পানী, তেৱেঁ মাছ;
 তেৱেঁ এক, তেৱেঁ পাঁচ;
তেৱেঁ যোগী, তপস্বী ও তেৱেঁ বাজিকৰ;