পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জ্ঞান-মালিনী
 

 যত বস্তু জগতৰ,
 (দিলে মানে পটন্তৰ,)
একো একো টোপা মাথোঁ ‘বিশ্ব-সাগৰৰ’!
 পঞ্চভূতী পোছাকৰ।
ছো-হে পিন্ধি একোধৰ,
ভাৱৰীয়া হইছেহি ভৱ-নাটকৰ!!

 সেই বিলাকৰ গাৰ
 যেই ভুতী সাজ-পাৰ,
‘কাল'-নিগনিয়ে শেহে কুটি ছিঙ্গি খায়,
 ভিন ভিন টোপা গুচি,—
 নিজ গতি-গঢ় মচি,
সেই ‘বিশ্ব-সাগৰ'ত ক্ৰমে মাৰ যায়।

 পাই যেনে বেলি-তাপ,
 ডাৱৰলৈ উৰি ভাপ,
সাগৰৰ পানী পুনঃ পৰে সাগৰত;
 সেই দৰে ক্ৰমে টুটি,
 জীৱ জন্তু সকলোটি
মাৰ যায়, মায়াৰূপী ‘বিশ্ব-সাগৰত'!

 ইবোৰৰে ৰঙ চাই,
 ইবোৰতে লুকুৱাই,
‘চেহেৰাটি' আপোনাৰ, থাকে বাজিকৰ;
 জগতৰ ভাগে ভাগে,
 কেনি কিটো হ'ব লাগে,
মহা ধিয়ানত তধা মহা কাৰিকৰ,—
নিশ্চয় নিশ্চয় এটি বিশ্ব-খনিকৰ।