পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
জ্ঞান-মালিনী
 

 যত মানে প্ৰাণী মনি,
 কাকতৰ চিলা খনি,
উশাহেৰে উৰি–ফুৰে ধৰা-ওপৰত;
 হায়! কাল কাষৰিব
 আয়ু-ডোল সামৰিব,
একেটানে চপাব-নি নিজ-ওচৰত।

 এই যত ধেমালিৰ—
 নানা ছঁয়া-ময়ালিৰ
আছে আছে ময়া হই এটি বাজিকৰ;—
 এই বিশ্ব-জগতৰ
 কিম্বা স্বৰ্গ-মৰতৰ
আছে আছে গুপুতেৰে এটি কাৰিকৰ
নিশ্চয় নিশ্চয় এটি বিশ্ব-খনিকৰ।


লাগে নে কি পৰমাণ আভজনী মন?
 মেজ, মূঢ়া, চকী, ঘৰ,
 দেখি যেনে মানুহৰ
নিজে নিজে আহে এটি এনে পতিয়ন :—
 এই বস্তুবিলাকৰ
 সাজোঁতা বা কাৰিকৰ
আছে আছে ক'ৰবাত নিশ্চয় এজন।
 আৰু, যেনে বুধি-জ্ঞান।
 কৰি মাথোঁ অনুমান,
নমনিও সকলোৱে এনে কথা কয় :—