হাতত দিলে। ময়ো সেই আতৰণত তৰিবৰ এনে এটি চোকা আহুদি পাই
এনেনো ৰঙ পালোঁ যে তাক আৰু কৈ অন্ত কৰিব নোৱাৰি। পাইয়েই তেওঁক
সুধিলোঁ ‘আপুনি নো কোন? আয়ে সুধিলে মালাধাৰি কোনে দিছে বুলি
কম?’ তেও মোৰ কথা ষাৰি শুনি মিচিকিয়া হাঁহি এটি মাৰি কলে “পোনা।
মোৰ নাম ‘জ্ঞান'; বাগিচা খনিৰ নাম হাফেজ-নগৰ, আৰু এই ফুলনিৰ নাম
হাফেজ-ফুলনি—আৰু এই ফুলনি খনিৰে মই মালিনী। সেই দেখি মোক প্ৰায়
সকলোয়ে ‘জ্ঞান-মালিনী' বুলি মাতে। এই মালাধাৰি মাথোন তলসৰা আৰু
এৰা-বোটলা ফুলেৰেহে গাঁথিছিলোঁ, বৰ ভাল হোৱা নাই; কিন্তু কি কৰিম,
তুমি যে অসময়ত আহিলা। বাৰু হব নোৱাৰিছে, যোৱাচোন তাকে দিয়াগৈ॥
মাৰাই সেই ধাৰি ভেটি পালেও, অন্তত ভাল পাওক নেপাওক, তোমাক ডাবি
হুকি নিদিয়ে আৰু নেমাৰে। ” তেনেকুৱাত মই কলোঁ “আপুনি যাবলৈ দিছে
হয়, পাছে মই এতিয়া যাওঁ কেনেকৈ? কোন পিনে, কেনেকৈ, কেনি আহিলোঁ
একণো মনত নাই; সমূলি পাহৰিলোঁ। ” তেওঁ উত্তৰ দিলে “বাৰু, একো ভয়
নাই। চাওঁ, তুমি এখন্তেক চকু মুদা চোন। ” এনে বোলাত ময়ো চকু মুদিলোঁ,
আৰু সেই দৰেই খন্তেক মান নিটাল মাৰি মনে মনে আছোঁ, তাৰ পিছত তেওঁ
‘মেলা’ বুলি কোৱাত মই চকু মেলি চাই দেখোঁ, ঠিক আইৰ ওচৰতে! আগৰ
ঠাইত তেওঁক সেই দৰেই সেই ভাৱে বহি-থকা দেখা পাইছোঁহি। কেনেকৈনো
উভতি আহিলোঁ, আৰু কিহেনো মোক আনি আকৌ ঘৰ পোৱালেহি, সেই
বিলাকৰ একোকে ভূভটং নেপালোঁ। আইক দেখা পাইয়েই মই ততাতৈয়াকৈ
ফোঁপাই জোপাই আগ-বাঢ়ি গৈ মালাধাৰি দিলোঁ; তেঁয়ো হাত মেলি ললে,
কিন্তু কথা নুশুনাৰ বাবে আগৰ যি কুষাৰি আছিল সি গল নে নাই যোৱা তাকে
তৰকিবৰ মনেৰে মই দবক মাবি আইৰ মুখৰ ফালে চাই থিয়হৈ আছোঁ, এনেতে
চক্ মক্ কৰে সাৰ পালোঁ। মালাধাৰি পাই ভালেই পালেনে বেয়াই পালে
তাক বুজা আৰু এই দুৰ্কপলীয়াৰ ভাগ্যত ঘটি নুঠিল।
পঢ়ুৱাই সকল! আপোনালোকে মোৰ এই বাৰ-হতীয়া পাতনি ডোখৰ পঢ়ি নিজৰ বহুমূলীয়া সময় ফেৰা অনাহকত আধানাৰ্জি হোৱাৰ বাবে উনৈচোত-বা-বলাই মোক যে নথৈ বিতণ্ডা কৰিছে তাত এই নিছলাৰ এখুদ্মানো খুকুৰি নাই। কিন্তু কৰিম কি? দোষ কৰা যে মানুহৰ স্বভাব। গতিকে সেই স্বভাবৰ দোষে এফেৰি মোকো চূলেহি। কিন্তু মোৰ এতিয়া আপোনালোকৰ ওচৰত এই ফেৰাই খাটনি যেন আপোনালোকে আকৌ ঢৌটোকে ৰৌটো নকৰি, সকলো দায় জগৰ এৰি, এই নিছলাৰ ফালে মাথোন-এবাৰি মান কেৰাহিকৈ চাই পঠিয়াই। চালেই, মই ৰঙত উত্ৰাৱল হৈ আপোনালোকৰ গুণ গাই গাই সেই ঘাই গৰাকীৰ