পৃষ্ঠা:জ্ঞান-মালিনী.djvu/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১৫ ]

ছপাখানাত ছপাবলৈ দিহা কৰা হৈছিল; কিন্তু মুৰকত তেওঁ টুপাই বুৰমাৰি চৌঠেঙীয়া কৰাত উপায় নেপাই আকৌ সেই সান্যাল কোম্পানিৰ পাতলিত পৰিব লগাত পৰিল। সেই বাবে যদি কিবা বৰ্ণাশুদ্ধি দোষ থাকি যায়, মৰষণৰ ভাৰ মহানুভৱ পঢ়ুৱাই সকলৰ দয়াৰ ওপৰত। দেশত মহাৰণৰ ফলত মহামাৰী আকাল। ছপা, কাকত সকলোৰে দাম জুই-চলু। উত্তম কাকত ব্যবহাৰ কৰি- বলৈ হেপাহ থকাতো কৰিব পৰা নহল। ইতি ১৩। ১২। ১৯

গ্ৰন্থকাৰ।

ষষ্ঠ তাঙৰণ।

 এই থলত তেনে ভাল ‘ছপাখানা' নোহোৱাৰ বাবে এই বাৰো কলিকতালৈকে আকৌ পঠিওৱা হল। গতিকে ‘প্ৰুফ' চাই দিওঁতাৰ অভাবত কেনেবাকৈ কৰবাত বৰ্ণাশুদ্ধি দোষ থাকিবও পাৰে। আশা কৰো-তেনে আসোঁৱাহ চকুত পৰিলে পঢ়ুৱাই সকলে যেন পোনাই লয়।

গ্ৰন্থকাৰ।

সপ্তম তাঙৰণ।

 অসমৰ শিক্ষাবিভাগৰ ডাইৰেক্টাৰ চাহেব বাহাদুৰৰ ১৩। ৫। ২৫ তাৰিখৰ ৪৯২৩/১-টি/২১—২৫ নং চিঠি অনুসৰি জ্ঞান-মালিনীৰ বেচ খনে। ৶৹ ছ অনাৰ ঠাইত ॥৶৹ দহ অনা কৰা হল। (মাথোন পঢ়াশলীয়া তাঙৰণত। )
 এই লাইব্ৰেৰী ভাঙৰণত খৰচ বেচি পৰাতো ইয়াৰ বেচ মাথোন ১৲ এটকাহে ৰখা হল।

গ্ৰন্থকাৰ।

অষ্টম তাঙৰণ।

  শিক্ষা বিভাগৰ গৰাকী সকল আৰু ৰাইজৰ অনুগ্ৰহত এই অষ্টম তাঙৰণো উলিয়াব লগা হল। আগৰ তাঙৰণৰ বৰ্ণাশুদ্ধি আদি চকুত পৰালৈকে চাইদিয়া হৈছে।

গ্ৰন্থকাৰ।