পৃষ্ঠা:জ্ঞান-মালিনী.djvu/২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


দ্বিতীয় তাঙৰণ

 প্ৰথম তাঙৰণ ছপাওঁতে কিছু কিছু বৰ্ণাশুদ্ধি দোষ সোমাইছিল। এই বাৰ লৰালৰিকৈ যতদূৰ সম্ভব শুধৰাই দিয়া গল। আৰু পাঠ্য-পুথিত থাকিব নলগীয়া যি দু আষাৰ কথা আছিল তাকো চাইচিঁতি সলাই দিয়া হল। আশা কৰোঁ যেন আগলৈ পুথি-বচা কমিটিৰ মেম্বৰ সকলে এই নিমাখিতৰ ফালেএফেৰি সুদৃষ্টি ৰাখে॥

গ্ৰন্থকাৰ।

তৃতীয় তাঙৰণ

 দ্বিতীয় তাঙৰণ ছপাওঁতে প্ৰুফ চোৱাৰ ভাৰ ছপাখানাৰ গৰাকী আৰু কেইজনমান ছাতৰৰ হাতত দি থৈ অহাত ভালেমান বৰ্ণাশুদ্ধি দোষ থাকি গৈছিল, সেইবাবে সান্যাল কোম্পানিৰে সৈতে অনেক লেখালেখি কৰি এখনকৈ সুকীয়া শুধৰণি পাত কিতাপটিৰে পাতি লগাই দিব লগাত পৰিছিল। এই বাৰ যাতে সেই বিলাক দোষ নঘটে তাৰ বাবে উক্ত কোম্পানিয়ে বিশেষকৈ যত্ন লবলৈ

গ্ৰন্থকাৰ।

চতুৰ্থ তাঙৰণ

 কলিকতাত প্ৰুফ চাওঁতাৰ অভাবত তাঙৰণতো কিছু, বৰ্ণাশুদ্ধি দোষ থাকি গৈছিল। সেইবাবে এই বাৰ আমাৰ থলুৱা নতুন ‘অসমীয়া' ভাইটিৰ ন-কৈ পতা নতুন ‘ছাপাখানা' খনিতে খলি পুতিব খুজিছিলোঁঁ; কিন্তু শেহত ভাইটিয়ে 'আখৰ যোতোৱা বনুৱাৰ নাটনি' বুলি সমিধান দিলত, উপায় নাপাই আকৌ সেই কলকতা সান্যাল ভায়াহ'তৰ পাছ ধৰিব লগাত পৰিল। হেনজানি কিছু,কিছু; ভুল-ভ্ৰান্তিৰ ভয় এই বাৰো থাকিল। পঢ়ুৱাই সকলে পঢ়োঁতে যেন দয়া কৰি নিজগুণে পেনাই দিয়ে।

গ্ৰন্থকাৰ।

পঞ্চম তাঙৰণ।

 কলিকতীয়া ছপখানাত ছপালে প্ৰুফচাওঁতাৰ অভাবত সদায় হীনডেঢ়িৰ হাত সাৰিব নোৱাৰাত পৰো দেখি এইবাৰ তিনচুকিয়াৰ শ্ৰীলক্ষেশ্বৰ কানুনগুৰ