পৃষ্ঠা:জ্ঞান-মালা.djvu/৭০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
জ্ঞানমালা।

ঘৰৰ গৃহিণীৰ ওপৰতে গোটেই পৰিয়ালৰ সুখ দুখ নিৰ্ভৰ কৰে। তেওঁৰ স্বভাবৰ চাব লৰা-ছোৱালী লগুৱা-লিগিৰী গৃহস্থ সকলোৰ ওপৰতে অলপ পৰে। যি গৃহিণীৰ ওপৰত ইমান বিলাক মানুহৰ সুখ দুখ নিৰ্ভৰ কৰে, যি জনৰ দায়িত্ব ইমান গুৰুতৰ তেওঁৰ স্বভাব অতি সাৱধানেৰে গঠিত কৰা উচিত। যদি তোমাৰ স্বভাব গঠন কৰা সম্পৰ্কে ময় উদাসীন হওঁ প্ৰথমতে তোমাৰ, তাৰ পাচত সমাজৰ আৰু তাৰ পাচত দেশৰ প্ৰতি কৰ্তব্য অবহেলা কৰা পাপে মোক চুব।



ঈশ্বৰ।

 ঈশ্বৰক মানুহে চকুৰে দেখা নেপায় কিন্তু চাৰিও ফালৰ সকলো বস্তুয়ে তেওঁ যে আছে তাৰ উজ্জ্বলভাৱে প্ৰমাণ দিব লাগিছে। কাৰ আজ্ঞাত চন্দ্ৰ সূৰ্যই আকাশত নিতৌ উদয় হই আমাক কিৰণ যোগাব লাগিছে? এই যে পৰ্ব্বত বিদাৰি নৈ ওলাই আমাক পিয়াহত পানী যোগাইছে; আমাক বিদেশলৈ অহা