পৃষ্ঠা:জ্ঞান-মালা.djvu/৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
জ্ঞানমালা।

 কমলা। আই ময় যে লেখিব আৰু কিতাপৰ পঢ়া শিকিব লাগিব যাওঁ তাকে কৰোঁ গৈ।

 মাক। তুমি যে কিমান পঢ়িবা লেখিবা ময় ভালকৈয়ে জানো; লগাই দিয়া কামত মন নবহে খালি ইটো কৰো সিটো কৰোঁ।

 কমলা। নহয় আই, তাঁত বোৱাৰ বাহিৰেও ময় আন আন কাম শিকিব লাগে নহয়, তুমি দেখোন দেখিছাই ময় কেনে সুন্দৰকৈ তাত বব পাৰোঁ। মোৰ সমনীয়া মালতীয়ে মাকুকে ধৰিব নেজানে কিন্তু সুন্দৰকৈ কাপোৰত গুণাৰে ফুল বাচিবলৈ উলৰ কাজ কৰিবলৈ শিকিছে, মালতীয়ে মোতকৈ বহুত বেশী পঢ়িবও পাৰে।

 মাক। কথকি, তুমি কথাৰহে চহকি ভালকৈ তাঁত বব জনা হলে ইমান পৰত তোমাৰ তিনি আঙ্গুল কাপোৰ নহয় আৰু ইমান বিলাক সূতাও নিছিগে, তুমি তোমাৰ কামৰ সৈতে মালতীৰ কাম ৰিজাইছা কিন্তু তোমাৰ মাৰে কোনটো বিদ্যা তোমাৰ বেচি লাগতীয়াল আৰু কোনটো বিদ্যা আগলৈ তোমাৰ বেচি উপকাৰত লাগিব তাক তোমাতকৈ জানে।