পৃষ্ঠা:জ্ঞান-মালা.djvu/৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
জ্ঞানমালা।

পিতৃ মাতৃৰ প্ৰতি ভক্তিত এই মহৎ পুৰুষ বিলাকৰ সমান হব নোৱাৰা তথাপি তোমালোকৰ ক্ষুদ্ৰ শক্তিৰে যিমান দূৰ পাৰা সিমান দূৰ সততে তেওঁবিলাকৰ অভাব দূৰ কৰিবলৈ চেষ্টা কৰা উচিত। তোমালোকৰ কাৰণে যৌবন কালৰ সকলো শক্তি ক্ষয় কৰি খাটি খাটি বুঢ়া অৱস্থা পায়। বাৰ্দ্ধক্যে ইন্দ্ৰিয়ৰ সকলো শক্তি কাঢ়ি লোৱাত খাটিবৰ শক্তি আৰু নেথাকে। এই অসহায় অৱস্থাত যি জনে পিতৃ মাতৃক অসম্মান দেখুৱাই আনন্দ যেন দেখি কষ্ট দিয়ে তেওঁৰ সমান পাপী আৰু কোনো হব নোবাৰে। আন আন হাজাৰ গুণত গুণী হলেও পিতৃ মাতৃলৈ ভক্তি নেথাকিলে পিতৃ মাতৃক কষ্ট দিলে সেই জন কেতিযাও মানুহৰ ভিতৰত গণ্য হব নোৱাৰে তাক ধুরুপ বুলি জানিবা।

————


মাক আরু জিয়েক।

 কমলা। আই তাঁত বই বই মোৰ হাত বিষাল ইয়াতে থওঁ দেই?

 মাক। চাওঁ নিচেই কম বইচা দেখোন মুঠেই তিনি আঙ্গুল হইছে তোমাক ময় মহুৰা গোটায় খিনি শেষ কৰিবলৈ কইছিলোঁ নহয়।