পৃষ্ঠা:জ্ঞান-মালা.djvu/৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
জ্ঞানমালা।

তাক ওচৰত পোৱা মাত্ৰে খণ্ড খণ্ড কৰি পেলালে তাৰ শোক একোৱে কমাব নোৱাৰিলে। তাৰ গৰাকী জনৰ হাজাৰ চেষ্টাতো তাৰ প্ৰিয় বন্ধুৰ শোক মনৰ পৰা নুগুচিল। এই দৰে অনাহৰ ও শোকত সি লাহে লাহে দুব্বল হৈ যাব ধৰিলে। অৱশেষত সেই মৰা কুকুৰটোৰ শবৰ কাষতে শুই সিংহটোৱেও প্ৰাণ এৰিলে।

 কেনে প্ৰবল ভাল-পোৱা! মানুহৰ মাজতো এনে বন্ধুত্ব বিচাৰি পোৱা টান। সিংহৰ গৰাকীজনৰ ইচ্ছামতে বন্ধুত্বৰ চিন স্বৰূপ দুইৰো একেলগে সমাধি হল।

—— ০ ——


পিতৃ মাতৃ।

 শাস্ত্ৰত কৈছে “পিতৃ মাতৃয়ে সন্তানৰ স্বৰ্গ, পিতৃ মাতৃয়ে সন্তানৰ ধৰ্ম্ম, পিতৃ মাতৃয়ে সন্তানৰ তীৰ্থ।” শাস্ত্ৰকাৰ সকলে কিয় পিতৃ মাতৃক ইমান ওখ আসন দিছে জানানে? পিতৃ মাতৃৰ জহতে আমি এই সৌন্দৰ্য্যেৰে ভৰা পৃথিবীত জন্ম গ্ৰহণ কৰি দহজনৰ ভিতৰত এজন হবলৈ সমৰ্থ হৈছোঁ। একেবাৰে অস- হায় ফুটাই মনৰ ভাব প্ৰকাশ কৰিব নোৱাৰা অৱস্থাত