পৃষ্ঠা:জ্ঞান-মালা.djvu/৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
জ্ঞানমালা।

মোটোক খাই পৰি যন্ত্ৰণাত অস্থিৰ হোৱাত খেতিয়ক জনে তেতিয়া গাধৰ মায়া এৰি মানুহত লাগিব লগাত পৰিল। পুতেক বিলাকৰ সৈতে তাক ধৰাধৰি কৰি ঘৰৰ ভিতৰলৈ লৈ আহিলে। কোমল মনৰ মাক জীয়েকেও গাধ এৰি চাকৰৰ শুশ্ৰূষাৰ কাৰণে ঘৰলৈ উলটিল। কিন্তু ঘৰ পাই দেখে যে জুইৰ ওপৰৰ ভাত আঞ্জাদেই ছাই হৈ গৈছে। ধোৱাচাঙ্গৰ ওপৰত শুকাবলৈ অৰা কাপোৰবিলাকৰ পৰা পোৰাৰ গোন্ধ ওলাব ধৰিছে। গৃহস্থজনে অসাৱধান হৈ খোৱা বস্তু ও কাপোৰ নষ্ট কৰাৰ বাবে জীয়েক আৰু ভাৰ্য্যাক দবিয়াই গোহালিত সোমাল গৈ; কিন্তু সোমাই দেখে যে আধা বন্ধা কৰি এৰা বলদটোৰ ওচৰতে বান্ধি থোৱা দামুৰি এটাক শিঙেৰে খুচি গোটেই গাতে ঘা লগাই ভৰি ভাঙ্গি পেলাই থৈছে।

 চাকৰটো ভৰি ভাগি পৰি থকাত সেই বাৰ গৃহস্থজনৰ খেতিৰ বহুত ক্ষতি হল। সামান্য ছয় অনা পয়চা বচাবলৈ গৈ গৃহস্থজনে সুন্দৰ গাধ এটাটো হেৰুৱালেই তাৰ উপৰি কাপোৰ ভাত আদি কিমান বস্তু নষ্ট কৰিলে ভাবিচোৱাচোন।