পৃষ্ঠা:জ্ঞান-মালা.djvu/৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
জ্ঞানমালা।

থাকিবৰ কাৰণে তেওঁবিলাকে ঘৰ সাজি দিয়ে, আৰু জাৰকালি যেতিয়া আহাৰৰ অনাটন হয় তোমাক খুৱাই ধুৱাই ৰাখে। ই বৰ আচৰিত কথা। কাৰণ কব পাৰানে ভাই?”

 মৌটোয়ে কলে “তোমাক কিয় ভাল নেপায় জানানে? তুমি কেতিয়াও তেওঁবিলাকৰ কোনো উপকাৰ নকৰা কিন্তু আমনি আৰু অনিষ্টহে কৰা। আমি গোটেই দিন খাটি তেওঁবিলাকক মউ গোটাই দিম এই কথা তেওঁবিলাকে জানে সেই বাবেই আমাৰ ইমান আদৰ। তুমিও তেওঁবিলাকৰ সৈতে বেচি দেখা শুনা নকৰি তেওঁবিলাকৰ উপকাৰ কৰিবলৈহে চেষ্টা কৰা উচিত।”

 গুণত সকলো মুগ্ধ হয়। দেখিবলৈ কুৰূপ হলেও গুণ থাকিলে সকলোৰে আদৰ পায়। বৰ ধুনীয়া হলেও নিৰ্গুণী মানুহক বৰলৰ দৰে সকলোৱে অনাদৰ কৰে।