এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দুই বন্ধু।
আহিনা আৰু কাতিয়া নামেৰে দুই বন্ধুৱে কোনো সকামত দূৰদেশলৈ গৈছিল। যাওঁতে যাওঁতে বাটতে এখন হাবি পালে গৈ। তেওঁবিলাকে সেই হাবিৰ পৰা ওলাবলৈ নৌ পাওঁতেই সূৰ্যদেৱে পঞ্চিম ফালে ঢাল ললে; এন্ধাৰেও চল পাই লাহে লাহে আগবাঢ়ি আহিব ধৰিলে।
বাটৰুৱা দুজনৰ ভিতৰত আহিনা বলী, কাতীয়া দুৰ্ব্বলী ও লাহি বিধৰ মানুহ আছিল। এন্ধাৰে ওচৰ চাপি অহা দেখি কাতীয়াই মাত লগালে, “সখি, গতি বেয়া দেখিছোঁ এন্ধাৰত বাট বুলিলে এই হাবিত নিশ্চয় আমাৰ কোনো বিপদ ঘটিব পাৰে; এতেকে আহা আজি ৰাতিৰ কাৰণে কোনো গছত আশ্ৰয় লওঁ কালিলৈ পুৱা আকৌ বাট বুলিবলৈ আৰম্ভ কৰিম।” আহিনাই গহীন ভাবে কলে, “সখি তুমি লাহি বিধৰ মানুহ দেখি বনৰীয়া জন্তুৰ সৈতে অকলে কেনেকৈ যুজিম বুলি ভয় পাইছা হবলা? ভয় নেপাবা। প্ৰাণ থাকে মানে কাপুৰুষৰ