পৃষ্ঠা:জ্ঞান-মালা.djvu/৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
জ্ঞানমালা।

গাৰ সমান দীঘল হলত সেই পাখিৰেই সি উৰিবলৈ পাৰগ হল। এই নতুন শক্তি পাই তাৰ মনত বৰ ৰঙ্গ আৰু অহঙ্কাৰ হল। সি আগৰ লগৰীৱা বিলাকক ঘিণৰ, চকুৰে চাব ধৰিলে।

জ্ঞান-মালা (page 30 crop).jpg
জ্ঞান-মালা (page 30 crop).jpg

 কিন্তু অলপ দিনৰ ভিতৰতে বুজিব পাৰিলে যে সি নতুন নতুন বিপদকহে মাতি আনিছে। যেতিয়া, আকাশত উৰি ফুৰিবলৈ যায ডাঙ্গৰ ডাঙ্গৰ চৰাই বিলাকে তাক খাবলৈ পাচে পাচে খেদে। আৰু যেতিয়া সিহঁতৰ হাতৰ পৰা ৰক্ষা পাই পানীত পৰে তেতিয়া ইমান ভাগৰি যায় যে তাক খাবলৈ খেদি ফুৰা পানীৰ মাছ বিলাকৰ পৰা তাৰ প্ৰাণ ৰক্ষা কৰিবলৈ তিমান শক্তি নেথাকে।