এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
জ্ঞানমালা।
নাছিল সেই দিনা ৰাতি বৰ বৰষুণ আৰু ধুমুহা বতাহ আহিল। খেতিয়ক জনে পুৱা উঠি দেখে যে নৈৰ বান আহি গোটেইখন পথাৰ অপাৰ সাগৰ যেন কৰিছে। সেই পানীয়ে পথাৰত থকা ধান বোৰ কৰবালৈ উটাই নিছে। সকলোৰে বৰ ক্ষতি হল; কেবল উকিলৰ উপদেশ মতে কাম কৰাত আমাৰ এই খেতিয়ক জনৰহে একো হানি নহল। তেতিয়া তেওঁ আঠুলৈ উকিল জনৰ দীঘল আয়ুষ কামনা কৰি ঈশ্বৰক মনৰ কৃতজ্ঞতা জনালে। তেতিয়াৰ পৰা সেই উপদেশ মতে কাম কৰি খেতিয়ক জন অৱশেষত দেশৰ ভিতৰত এজন গণ্যমান্য মানুহ হৈ উঠিল।
পৰিথকা বস্তুত মামৰে ধৰে।
ওচৰ চুবুৰীয়া এজনী বুঢ়ীয়ে হৰিহঁতৰ শিলটোত কটাৰি ধাৰ দিবলৈ গৈ দেখিলে যে হৰিয়ে বহি আগতে এখনি খোলা কিতাপ লৈ চকুলো মচিব লাগিছে। বুঢ়ীয়ে মৰমৰ মাতেৰে “বাপা কিয় কান্দিছা” বুলি সোধাত হৰিয়ে কলে “ওজাদেউয়ে পঢ়াশালিত এদিনো তেওৰ আগত মই পঢ়া দিব নোৱাৰা বুলি কোৱাত