পৃষ্ঠা:জ্ঞান-মালা.djvu/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
জ্ঞানমালা।

সুধিলে “তোমাক কোনো পৈতৃক সম্পত্তি ভগাই দিব লাগিব নেকি?” খেতিয়ক জলে কলে ডাঙ্গৰীয়া, সেইটো ও নহয়। মই দুখীয়া মানুহ। যি অলপ সম্পত্তি আছে সেই সম্পত্তিত আমাৰ সকলোৰে সমান অধিকাৰ।” তেতিয়া উকিল জনে কলে “তেনেহলেনো তোমাক কি লাগে?” খেতিয়ক জনে উত্তৰ দিলে, “কিয়, আপুনি মোৰ মনৰ ভাব বুজি পোৱা নাই নে? আপুনি জ্ঞানী মানুহ বহুত কথা জানে, সেই কাৰণে আপোনাৰ পৰা এটি উপদেশ লৈ ঘৰমুৱা হম, ইয়াকে ভাবি আপোনাৰ ওচৰলৈ আহিছোঁ। মই শুদা হাতে আপোনাৰ পৰা উপদেশ লবলৈ অহা নাই। আপোনাৰ উপদেশৰ কাৰণে আপোনাক অৱশ্যে মই মাননি দিম।” উকিল জনে তেতিয়া সকলো কথা বুজি পাই কাকত এখনত কিবা অলপ লেখি দি কলে, হোৱা এই খন লৈ যোৱা, যেতিয়া পৰামৰ্শ লবৰ দৰকাৰ হব তেতিয়া খুলি পঢ়ি চাবা।” খেতিয়ক জনে বৰ আনন্দ মনেৰে কাকত খন লৈ উকিলক উপযুক্ত বটা দি গুচি গল।

 তেওঁ ঘৰ পাই দেখিলে যে কটা ধান বোৰ যেনে দেখি গৈছিল তেনেই পথাৰতে পৰি আছে, ভেতিয়ালৈকে কোনেও ঘৰত আনি থোৱা নাই।