পৃষ্ঠা:জ্ঞান-মালা.djvu/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৭। যিটো কাম আজি কৰিব পাৰা কালিলৈ পেলায় নথবা

 কোনো সময়ত এজন খেতিয়কে কোনো সকামত এবাৰ নগৰলৈ আহিছিল। কাম শেষ কৰি গাওঁলৈ উলটি যাবৰ সময়ত খেতিয়ক জনে ভাবিলে “নগৰলৈ আহিছোঁ যেতিয়া এজন জ্ঞানী উকিলৰ পৰামৰ্শ লৈ যোৱা উচিত।” ইয়াকে ভাবি এজন নামজলা উকিলৰ ওচৰলৈ গৈ কলে, “ডাঙ্গৰিয়া, মই গাৱলিয়া মানুহ। আপোনাৰ নাম শুনি আপোনাৰ ওচৰলৈ আহিছোঁ মোক এটা পৰামৰ্শ দিয়ক।” উকিল জনে খেতিয়ক জনক বহিবলৈ আসন দি কি দৰকাৰত কি পৰামৰ্শ লবলৈনো তেওঁৰ ওচৰলৈ আহিছে তাকে জানিবৰ মনেৰে সুধিলে, “তুমি ৰাজঘৰত আনৰ নামে ওজৰ কৰিবলৈ খুজিছা নে কি?” উকিলৰ প্ৰশ্ন শুনি খেতিয়ক জনে উত্তৰ দিলে, “ডাঙ্গৰীয়া, মই কাৰো নামে ওজৰ কৰিবলৈ অহা নাই, কাৰণ মই জগতৰ সকলোৰে সৈতে মিলা প্ৰীতিৰে থাকিবলৈ ভাল পাওঁ, সেই কাৰণে কাৰো সৈতে মোৰ দন্দ নাই।” উকিল জনে আকৌ