পৃষ্ঠা:জ্ঞান-মালা.djvu/১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জ্ঞানমালা।

মােৰ প্ৰাণৰক্ষা কৰে এই উপকাৰ সুৱঁৰি সময়ত মই ইয়াৰ সুজনি দিম।”

 সিংহই তাৰ ক্ষুদ্ৰ শক্তি আৰু ঢুকি নােপােৱা আশাৰ কথা ভাবি বিদ্ৰূপৰ হাঁহি হাঁহি দয়া কৰি তাক এৰি দিলে।

জ্ঞান-মালা (page 14 crop).jpg
জ্ঞান-মালা (page 14 crop).jpg

 কিন্তু কাৰোৰ দিন সমানে নেয়ায়; প্রবল প্রতাপী চন্দ্র সূৰ্য্যৰো উদয় অস্ত আছে। কালৰ গতিত এই ঘটনাৰ অলপ দিনৰ পাচতে সেই সিংহটোয়ে কোনাে চিকাৰীৰ জালত পৰিল। তাৰ গৰ্জ্জনীয়ে গােটই বন খলক লগােৱাত সেই ক্ষুদ্র শক্তিৰ নিগনিটোৱে তাৰ মাত চিনিব পাৰি লৱৰি আহি চোকা দাতেৰে জাল কুটি বান্ধ সােলােকাই তাৰ প্রাণদাতাক বিপদৰ পৰা মুক্ত কৰি দিলে।